Nabakanta Barua

Ekhud Kokaideu] (26 December 1926 – 14 July 2002 / Guwahati / India

দেখিছো নদীৰ ঢলে বলাত্কাৰ কৰা পথাৰক, পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান, শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক - Poem by Nabakanta Barua

দেখিছো নদীৰ ঢলে বলাত্কাৰ কৰা পথাৰক,
পলসে কবৰ দিয়া গৰ্ভৱতী শস্যৰ সন্তান,
শুনিছো সিন্ধুৰ বানে নিমিষতে নগৰক
আত্মসাত কৰি
এৰি থৈ গুচি যোৱা শ্মশানৰ প্ৰশান্তিৰ গান৷
উদগ্ৰ ধ্বংস নিছা, লোভব কুটিল দুঃসাহস
ছলনাৰ জীৱন্ত ধেমালি আৰু পাপৰ কুতসিত অভিসাৰ-
তাৰো সৌন্দৰ্য্যই মোক দিছিল স্বপ্নৰ জাল ৰচি,
কাৰণ, মইযে দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্য্যাদা,
সিও বন্দী সূৰ্য্যকণা,
আহিছিল ভাঙি-ছিঙি পৃথিৱীৰ কঠিন জৰায়ু৷

কিন্তু মৰুভূমি আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে
আঁহতৰ খোৰোঙাত এপাহি কপৌ-ফুল সোনকালে সৰে
গোপন ব্যাধিৰ দৰে লাহে লাহে মচি নিয়ে
প্ৰাণৰ যিমান ৰং সেউজী সোণালী,
আঁকি দিয়ে তামৰঙী এখন আকাশ আৰু
ফুটছাঁই বৰণৰ এখন পৃথিৱী

নদীক নিজৰা কৰি জুৰিক শিলনি কৰি
বালিৰ দ'লেৰে গঢ়ে গছ-লতা ফুলৰ সমাধি,
ছয়া-ময়া জিঁয়া এটি বালিয়ে বালিয়ে উৰি,
পানীৰ কাৰণে ঘুৰি

ক'ৰবাত বাট হেৰুৱায়৷
মৰুভূমি এইদৰে আহে,
লাহে লাহে মাহে মাহে বছৰে বছৰে….

দূৰণিৰ নীল সেই গাঁওখনলৈ
এইবেলি সোনকালে আঘোণ আহিল-আহিনতে?
এইবাৰ ব'হাগৰ ঢল নাহেনেকি?
উজানৰ বগা মাছে ৰূপোৱালী নকৰে নিজৰা?
আষাঢ়ৰ ক'লা মেঘ পাহাৰৰ সিপাৰে থাকিল৷
পাহাৰ ইমান ওখ! ওখনে মেঘতকৈও?
ওখনে প্ৰেমতকৈও?

বৰষুণ?
ধাননিত নগজিল জোৱাৰ বজাৰ, আমাৰ বনত
দোঁ নেখালে খেজুৰি৷
কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে
ৰেণু তাৰ বালিদাঁহী সাপক বিলাব৷ দুবৰি ধৰিব ছাটি
কাঁইটীয়া বনে৷
ৰাতিৰ বতাহে আহি ছটিয়াব শুকান বৰফ
দিনৰ পোহৰে তাতে ঢালি দিব কমলা ৰঙৰ গলা লোহা৷
তাৰ পিছে
উটৰ ডিঙিৰ ছাঁ, দীঘল ডিঙিৰ ছাঁ, শুই ৰ'ব
হাড় হৈ সাগৰৰ বাবে৷

এইদৰে শেষ হোৱা…এই যে ৰোমাঞ্চ মৰণৰ
ইযে প্ৰৌঢ়া ৰমণীৰ ৰমণ-বিলাস, অনভিজ্ঞ
কিশোৰৰ স'তে৷ য'ত
গ্লানিৰ অতৃপ্তি নাই, তৃপ্তিৰ অশান্তি নাই,
ধ্বংসৰ সৌন্দৰ্য্য নাই,কেৱল ক্ষয়ৰ আৱিলতা,
অনায়াস গ্ৰহণ কেৱল ক্লীৱতা
বালিৰ বতাহে জানো পাহাৰত ভাস্কৰ্য্য গঢ়েহি?
গঢ়ে বিভীষিকা৷
তাতো যি ৰোমাঞ্চ্ আছে, যদি আছে,
হে জীৱন,
নালাগে আশ্ৰয় তাত,
ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ৷
149 Total read