জলৰাশিত হূদয় নামি গ'ল
আৰু লাভ কৰিলেগৈ অতল বেদনাৰ
স্বচ্ছতাৰ সুৰ|
নল-খাগৰিৰ মাজত তাত অঁকা আছে
গুঞ্জনময় ৰেখাত
এখন মুখৰ স্বচ্ছ বেদনাবোৰ|
তাত দুই-এটা পচি যোৱা ফল|
সেই গভীৰতাত সকলো হ'ল স্বচ্ছ;
সকলো হ'ল নিৰূপিত-
হাতৰ ভৰ, পোহৰৰ ঢৌ, আন্ধাৰৰ বেগ…
ধুমুহাৰ বাবে আৰু ভয় নাইঃ
কোন উদ্মাদ আলোড়নতো হেৰাই নাযায়
সেই স্বচ্ছতাৰ সুৰ|