তোমাৰ পুলক পৰশ - লাগি
ফুলিল যি মোৰ ফুল হে প্ৰিয় !
ফুলিল যি মোৰ ফুল,
তাৰ গোন্ধত জীৱন - মৰণ
বিভোৰ বিয়াকুল হে প্ৰিয় !
বিভোৰ বিয়াকুল!
মোৰ দিন - খেনবোৰ মন্থন কৰি
কি লৱণু দিলা মোক হে প্ৰিয় !
কি লৱণু দিলা মোক ?
তাৰ বাবে আজি হাবাথুৰি খাই
ক্ষিপ্ত লোক আলোক হে প্ৰিয় !
ক্ষিপ্ত লোক আলোক |