Ajit Barua

1926 - / Assam / India

দুখৰ কবিতা - Poem by Ajit Ba

As he rose and fell
He lived the stages of his age and youth
Entering the whirlpool.
গুজৰি সুঁহুৰি মাৰিলে সোঁতাল বাঘে
ভিতৰি বিজুলি বলিলে-কঠিন ঘামৰ ছবি
যেনে খুজি নাম দিবাঁ
ভিজা আন্ধাৰৰ ঘৰ জনাবোৰে অলপ মাথোন অনাই ৰ'বাঁ

পুৰনি বছৰ নতুন পলকে আঁজুৰি আঁজুৰি কান্দে
পানীৰে সময় ঘন কৰি হায় মৰণে জীৱন যাচে৷
আমাক ইদৰে ঘন ভেঙুচে ৰসিক মৰণে৷
"জীৱন কালৰ বহুৱা", মৰণ কাৰ?

নাৱৰ টিঙত যিবিলাক দীঘল বহা, চকুলো পেলাবাঁ
যুক্তিৰে লগ নোপোৱা দীঘল কৰি
ওপৰে আকাশ তলে চলে পানী
অকাঠী কাঠৰ নাৱৰপৰা খেদেৰে দেখোঁ আৰু সেই চকু
যি হ'ল মুকূতা আজি৷
321 Total read